Ratir Kobita
চৈয়দ আব্দুল মালিক
Ungekürzt
•
9789354348167
14 Stunden 34 Minuten
Einige Artikel enthalten Affiliate-Links (gekennzeichnet mit einem Sternchen *). Wenn ihr auf diese Links klickt und Produkte kauft, erhalten wir eine kleine Provision, ohne dass für euch zusätzliche Kosten entstehen. Eure Unterstützung hilft, diese Seite am Laufen zu halten und weiterhin nützlichen Content zu erstellen. Danke für eure Unterstützung!
Vom Herausgeber
এজন আদৰ্শবাদী যুৱক আলোকে কৰ্মৰ খাতিৰত নিজৰ ঘৰৰ পৰা আঁতৰি তেজপুৰত থাকিবলগীয়া হয়। তেওঁ থকা ঘৰত তেওঁ লগ পায় নিশাক। নিশা বা তাইৰ সহদৰে আলোকক মামা বুলি সম্বোধন কৰে। নিশাহঁতৰ ঘৰত থাকোঁতে সিঁহতৰ ওচৰ চুবুৰীয়া ডাক্তৰী অধ্যয়ন কৰি থকা শ্ৰীকণ্ঠক আলোকে লগ পায়। লগ পাই মায়া, নিশাৰ বান্ধবী। সময় ১৯৪২ চন। স্বাধীনতা সংগ্ৰামৰ শেষ সংগ্ৰাম। সাংঘাটিক অনুভুতিপ্ৰৱণ আলোকে কোনো কথা নাভাবি জপিয়াই পৰে স্বাধীনতা সংগ্ৰামত। তাৰ পিছতেই যেন আৰম্ভ হয় আলোকৰ ব্যক্তিগত জীৱনৰো সংগ্ৰাম। মায়াৰ দেউতাকক বৃটিছে গ্ৰেপ্তাৰ কৰাৰ পিছত মায়াৰ কথামতে নিশাহঁতক কাকো একো নোকোৱাকৈ আলোকে নিজকে আণ্ডাৰগ্ৰাউণ্ড কৰে। পলাই ফুৰি ফুৰি আলোক গৈ এঘৰ মুছলমান মানুহৰ ঘৰত উঠেগৈ। জাহিদ আৰু জোহৰা নামে ককায়েক, ভনীয়েক হালৰ লগতে আলোক থাকে। তাৰ পৰাই আলোকে মায়া আৰু নিশালৈ চিঠিৰ আদান প্ৰদান কৰে। কিন্তু মায়াৰ চিঠিৰ পৰা পোৱা খবৰে বিচলিত কৰি তোলে আলোকক। শ্ৰীকণ্ঠৰ লগত নিশাৰ বিয়া। কিন্তু কিয়? নিশাৰ প্ৰতি আছিল নেকি আলোকৰ কোনো দুৰ্বলতা? আনহাতে মায়া? মায়াৰ সৈতে কি সম্পৰ্ক আলোকৰ? শ্ৰীকণ্ঠৰ লগত বিয়া হৈ যোৱাৰ পিছত আলোকে পুনৰ লগ পাই নিশাক। নিশাহঁতৰ ঘৰত ভাড়া লৈ আলোক থাকে। কিন্তু নিশাৰ পৰিবৰ্তিত ব্যৱহাৰে আচৰিত কৰে আলোকক। বিবাহিত নিশাক নিজৰ কৰি লোৱাৰ সপোন দেখে নেকি আলোকে? নে আলোকে পাহৰি যায় প্ৰথম ভালপোৱাৰ সুৱাস? নিশাৰ মনত আলোকৰ প্ৰতি কি আছিল? ভাল পাইছিল নেকি নিশায়েও আলোককে? নীৰা কোন? আলোকৰ জীৱনত নীৰাৰ প্ৰাধান্য কিমান? নিশা, মায়া, নীৰা? এই তিনি নাৰীয়ে আৱৰি ৰাখিৱ বিচৰা আলোকৰ জীৱনটোক প্ৰকৃততে পাৰিলেনে আৱৰি ৰাখিব? মানসিক অন্তৰ্দ্বন্দ্বৰে খুচা বিন্ধা কৰি থকা আলোকৰ অস্থিৰ জীৱনটোলৈ স্থবিৰতা আহিলে নে? আলোকৰ শেষ পৰিণতি কি হ'ল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্য