Mur Hridoy Ekhon Juddhakhetra
হোমেন বৰগোহাঞি
Ungekürzt
•
9789353988555
9 Stunden 1 Minute
Einige Artikel enthalten Affiliate-Links (gekennzeichnet mit einem Sternchen *). Wenn ihr auf diese Links klickt und Produkte kauft, erhalten wir eine kleine Provision, ohne dass für euch zusätzliche Kosten entstehen. Eure Unterstützung hilft, diese Seite am Laufen zu halten und weiterhin nützlichen Content zu erstellen. Danke für eure Unterstützung!
Vom Herausgeber
প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখনিৰ এখনি অন্যতম গ্ৰন্থ 'মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ' । গ্ৰন্থখনত সন্নিৱিষ্ট বৰগোহাঞিদেৱৰ জীৱনৰ ভিন্ন ঘটনা-পৰিঘটনাই আপোনাৰ জীৱনটোকো ফঁহিয়াই চোৱাৰ অৱকাশ দিব। কি আছে এই গ্ৰন্থখনৰ ভিতৰছোৱাত? জীৱনৰ সত্তৰ বছৰীয়া জন্মদিনটো কিয় তেওঁৰ বাবে বিশেষ আছিল? কেনে ধৰণৰ আছিল তেওঁৰ মনোজগতখন? যৌৱনৰ আৰম্ভণিৰে পৰা আত্মহত্যাৰ চিন্তাই তেওঁক লগ এৰা নাছিল। কিন্তু কিয়? আত্মহত্যাৰ প্ৰৱণতা আছিল নেকি তেওঁৰ? এই প্ৰৱণতাৰ বাবেই লিখি পেলাইছিল নেকি 'এপিটাফ' নামৰ গল্পটো? প্ৰেম আহিছিলনে তেওঁৰ জীৱনলৈ? 'সাউদৰ পুতেকে নাওঁ মেলি যায়' গ্ৰন্থত উল্লেখিত ৰেণুৰ প্ৰতি কেনেধৰণৰ মনোভাৱ আছিল তেওঁৰ। প্ৰেম নে আকৰ্ষণ? তেওঁ বাৰে বাৰে উল্লেখ কৰা নৰকবাস প্ৰকৃততে কি আছিল? কিয় জীৱনৰ এছোৱা সময়ক তেওঁ নৰকৰ লগত তুলনা কৰিলে? নিশা বেশ্যাৰ গলিলৈ কি কাৰণে তেওঁ যাবলগীয়া হৈছিল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থ 'মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ'।