The Immortals of Meluha
Amish Tripathi
Ungekürzt
•
9789354836091
17 Stunden 4 Minuten
Einige Artikel enthalten Affiliate-Links (gekennzeichnet mit einem Sternchen *). Wenn ihr auf diese Links klickt und Produkte kauft, erhalten wir eine kleine Provision, ohne dass für euch zusätzliche Kosten entstehen. Eure Unterstützung hilft, diese Seite am Laufen zu halten und weiterhin nützlichen Content zu erstellen. Danke für eure Unterstützung!
Vom Herausgeber
নৱ্য ভাৰতীয়ই ভুলকৈ সিন্ধু উপত্যকা বুলি অভিহিত কৰা সময়ৰ কথা। খ্ৰীষ্টঃপূৰ্ব ১৯০০ শতিকা। সেই কালৰ বাসিন্দাসকলে এই দেশৰ নাম দিছিল মেলুহা। বহু শতিকাৰ পূৰ্বে এই নিখুঁত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মহান নৃপতি প্ৰভু ৰামে। এইসকল আছিল সূৰ্যবংশী। সূৰ্যবংশীসকলৰ এই গৌৰৱোজ্বল সাম্ৰাজ্য আৰু ইয়াৰ শাসক সকল তেওঁলোকৰ প্ৰধান নদী সৰস্বতী ক্ৰমান্বয়ে মৃত্যুমুখী হোৱাৰ ফলত গভীৰ সংকটৰ সন্মুখীন হৈছিল। তাৰোপৰি তেওঁলোক সন্মুখীন হ'ব লগা হৈছিল পূব দিশৰ চন্দ্ৰবংশীসকলৰ ভূ-খণ্ডৰ পৰা হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ। সেই পৰিস্থিতি আৰু বেছি ভয়াৱহ হৈছিল যেতিয়া চন্দ্ৰবংশীসকলে সমাজৰ পৰা বহিস্কৃত এচাম কুন্ধচ, দুৰ্দান্ত সামৰিক শক্তিসম্পন্ন জাতি নাগসকলৰ সৈতে লগ লাগিছিল। আনহাতে সূৰ্যবংশীসকলৰ এক পৌৰাণিক কিংবদন্তি আছিল যে যেতিয়াই দুস্কৃতিয়ে সকলোফালে চানি ধৰিব, তেতিয়াই এগৰাকী বীৰ পুৰুষৰ আৰ্বিভাৱ ঘটিব। কিন্তু অসম্পূৰ্ণ ৰূপৰেখাৰে অংকিত তিব্বতীয় অভিবাসী সেইজন বীৰ পুৰুষ শিৱই আছিল নে? প্ৰকৃততে তেওঁ বিচাৰিছিল নে আদৰ্শ পুৰুষ হ'বলৈ? আকস্মিকভাৱে অদৃষ্টই প্ৰেম আৰু কৰ্তব্যৰ মাজলৈ টানি অনা শিৱই সূৰ্যবংশীসকলৰ প্ৰতিশোধৰ নেতৃত্ব দি পাৰিলেনে দুস্কৃতিক বিনাশ কৰিব? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক আমিশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু বিপুল দেউৰীয়ে অসমীয়া ভাষান্তৰ কৰা অতিকে জনপ্ৰিয় গ্ৰন্থ শিৱ ত্ৰয়োবৃত্তৰ প্ৰথমটি খণ্ড 'দ্য ইম্মৰটেলছ অব্ মেলুহা'