Xei prem aswadon
ৰঞ্জু হাজৰিকা
Completo
•
9789354839276
4 horas 16 minutos
Algunos artículos contienen enlaces de afiliados (marcados con un asterisco *). Si hace clic en estos enlaces y compra productos, recibiremos una pequeña comisión sin coste adicional para usted. Su apoyo ayuda a mantener este sitio en funcionamiento y a seguir creando contenidos útiles. Gracias por su apoyo.
De la editorial
১৯৩৯ চনৰ কথা। আইভান নামৰ এজন লোকৰ নেতৃত্বত এদল অভিযাত্ৰীয়ে যাত্ৰা আৰম্ভ কৰে পৃথিৱীৰ এক দুৰ্গম অঞ্চল নিউগিনি য'ত সভ্যতাৰ পোহৰ পৰা নাই, এনে কিছুমান জাতি-উপজাতি আছে, যি এতিয়াও মানুহ চিকাৰ কৰে, নৰমুণ্ড সংগ্ৰহ কৰে। তেনে এক যাত্ৰাত আইভানৰ লগত যায় তেওঁৰ প্ৰিয় ভতিজী টিনা আৰু টিনাৰ বাবেই অনিচ্ছা স্বত্বেও যায় টিনাৰ বিবাহ প্ৰাৰ্থী মাইক। যাত্ৰাৰ আৰম্ভণিতে তেওঁলোকে লগ পাই মেজৰ কলিণ্সৰ দলক। একেলগে আৰম্ভ হয় এক দুঃসাহসিক অভিযান। বিভিন্ন প্ৰত্যাহ্বান নেওচি অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত মেজৰ কলিণ্সৰ দলে আইভানৰ দলৰ পৰা বিদায় লয় যদিও ৰুবেন নামৰ এজন ডেকাক আইভানৰ লগত দিয়ে। এই ৰুবেনৰ প্ৰেমত পৰে টিনা। আনফালে টিনাৰ প্ৰেমত মাইক। এক ত্ৰিকোণ প্ৰেমৰ কাহিনী। অন্যহাতেদি দুৰ্গম যাত্ৰাপথ য'ত পদে পদে মৃত্যুৰ কিৰীলি। নৰখাদক জাতি, বিষাক্ত পোক- পতংগ, বিষাক্ত মহৰ কামোৰ এই সকলোবোৰ নেওচি সফল হ'ব পাৰিলেনে অভিযাত্ৰী দলটো? মাইকৰ সৈতে টিনাৰ বিবাহ হ'ল নাই? এখন এডভেন্সাৰ উপন্যাস। মিলন, বিচ্ছেদ, প্ৰেম, ঘৃণা, হিংসা, প্ৰতিহিংসাৰ উপবীজ্যৰে ভৰপূৰ। কি আছে এই উপন্যাসখনত? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'সেই প্ৰেম আস্বাদন'